Friday, 11 May 2012

এৰি অহা দিনৰ সুৰ



সুৰাত মগন ভয়াল ৰাতি... জয়ন্ত হাজৰিকা ( বোলছবি : বৃষ্টি )


Friday, 4 May 2012

অসমীয়া কবিতা




"মোৰ বুকুত কি জ্বলে" - হীৰেন ভট্টাচাৰ্য

মোৰ বুকুত কি জ্বলে !
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে !

মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰূ-ৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে    
মোৰ বুকুৰ ভিতৰে-বাহিৰে |

সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে |



"সাগৰ দেখিছা?" - দেৱকান্ত বৰুৱা

সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই,
শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ
দিগন্ত বিয়াপি |
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, বেদনাৰে
দেখা নাই তুমি ?
উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
স্মৃতি সীমা চুমি |
শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ
কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি, মই মই| তুমিতো নাজানা-হায়, কিয় বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ
কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি!
কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি? থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ।
000


কাণৰ থুৰীয়া - হিতেশ্বৰ বৰবৰুৱা

পূৰ্বজনমত,জানো,কত পূণ্য বলে
থুৰীয়া জনম পালি তই জগতত।
শোওঁতে,খাওঁতে কিম্বা উঠোঁতে বহোঁতে
চুমা দিয় প্ৰেয়সীৰ কোমল গালত।
যি চুমাৰ হেঁপাহত আতুৰ প্ৰেমিক,
প্ৰেমৰ ৰাজ্যৰ যিটো অমূল্য ৰতন,
যাক লই সংসাৰৰ সকলো বলিয়া,
অনায়াসে তই কিন্তু পাৱ সেই ধন।
যি চুমাৰ মাথোঁ এটি পাবৰ আশাত
প্ৰেমিকে উৰ্ছগা কৰে পৰাণ নিজৰ,
সেই চুমা লাখ লাখ নিতে পাৱ তই;
নাজানো কি পুণ্য তোৰ আছিল পূৰ্বৰ।
নহ'ল আমাৰ কিয় থুৰীয়া জনম!
পালো হয় নিতে কত মধুৰ চুম্বন।
000


এটা প্ৰেমৰ পদ্য -নৱকান্ত বৰুৱা

বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে,অৰুন্ধতী?
সেমেকা পোহৰে সোৱঁৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে,
অৰুন্ধতী ?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনো বাধা
মনত পৰেনে, অৰুন্ধতী!
দুবৰি বনত জোনাকীৰ মণি,
চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল !)
বৰফৰ দৰে চেচাঁ পৰশতো
সি যে কি শান্তি !
অৰুন্ধতী!
অৰুন্ধতী!
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীড়
বহুতো সপোন পাৰ হৈ অহা
কেচাঁ টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি
মনত পৰেনে, অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী!
000


প্ৰিয়তমাৰ চিঠি -হেমচন্দ্ৰ গোস্বামী

সৌন্দৰ্যৰ বুকুৰ কাঁচলি উদঙাই
প্রকৃতিৰ চোঁ ঘৰ চালো পিট্ পিট্,
কুকুৰা ঠেঙীয়া এই আখৰ কিটিত
যি অমিয়া ঘঁহা আছে আৰু ক'তো নাই ।

কবি নিকুঞ্জত ফুলি কত কবিতাই
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপাই ।

ফুল ফুলে, সৰি যায়, শুকায় বননি
বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে,
তোমাৰ চিঠিয়ে প্রিয়ে, জানে কি মোহিনী
নিতৌ নোহোৱা বাহি, ন ন ফুল মেলে,
যত শুঙো, চুমা খাওঁ, নালাগে আমনি
হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে ।
000


মমতাৰ চিঠি- হেম বৰুৱা

মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?
আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
পদুলিত তল সৰা শেৱালীবোৰ উপচি আছিল
আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ ন কৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন লৈ
আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহাখনলৈ
তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?
তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ
আৰু মই?
মই যেন তলসৰা এপাহ শেৱালী
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠি লিখিছিলে
আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে ।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ‌‌‌‌‌‌'ল ।
তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
যেন দাঁত অকণি গজিছে । সি মোক একেবাৰে এৰিকে নিদিয়ে ।
(কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)
সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে
তধা লাগি চাই থাকে কিয় ?
তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি,সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে বুজিছা?
(আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম
সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব,ভাই ।)
আৰু কি লিখিম বিশেষ একো নাই ।
মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
মোক আগতীয়াকৈ জনাবা দেই । মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,তুমি যিদিনা উলটি আহিবা,               
মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই ।
মৰম লবা ।
ইতি,
তোমাৰ মমতা

পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জলিছিল । আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ বগা আৰু আনটো পখৰা ।
000


ভোগালী - হীৰেন ভট্টাচাৰ্য

তুমিতো জানাই
এই কবিৰ আৰু একো নাই,
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই,
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই।
000



গোলাপ - ৰঘুনাথ চৌধাৰী

কাৰ পৰশত ফুলিলি বান্ধৈ
অ' মোৰ সাদৰী ফুলাম পাহি?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি?

কোন নন্দনত লগালি চমক,
নাচিছে য'ত পৰী বুলবুল,
অভিশপ্ত হৈ বিলাসকুঞ্জত
প্রেম মদিৰাত যেন মচগুল!

হাছনাহানাৰ তীব্র গন্ধত
সপোন বিভোৰ মাধৱী নিশা,
তোৰ পৰশত বিৰহী জোনৰ
পলালনে প্রিয়ে প্রাণৰ তৃষা?

আৰব পিয়াৰী বছৰা ৰাণীৰ
গুল বদন পেলালি জুৰ;
ভাঁহি ফুৰে তোৰ ৰূপ তৰংগত
পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ?

ফুলিলি যিদিনা মৰু উদ্যানত
উৰিল সৌৰভ জগত জুৰি;
গগন চুম্বী কলোছছে তোৰ
পান কৰিলে ৰূপ মাধুৰী!

আছিলি নে প্রিয়ে বেবিলনৰ
গুল বাগানত ফুলৰ ৰাণী?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মুখত অমৰ বাণী ৷

ৰূপ ৰস গন্ধ পৰশ প্রেমত
জিনিলি পিয়াৰা হিন্দুস্তান;
বাদছা হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান ৷

তোৰ ই ৰূপত জগত বিভোল
ঢালিলি প্রেমৰ বিমল ধাৰা;
দিল্লী বেগম নুৰজাহানৰ
আছিলি নে তয়ে দিলবাহাৰা?

কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ?
উঠিল প্রেমিক ছাহজাহানৰ
ভূৱন বিজয়ী মৰ্মৰ তাজ!

কত কাব্য-গাঁথা, অতীতৰ স্মৃতি
উদাস প্রেমৰ মূৰ্ত বিকাশ;
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হা-হুতাশ!

ফুলিবি নে মোৰ মানস-কুঞ্জত
অ' মোৰ দৰদী ফুলাম পাহি?
উঠিবনে বাজি প্রিয়া পাপিয়াৰ
পুলক ভৰা মিলন বাঁহী?
000



দেৱদাসী - অতুল চন্দ্ৰ হাজৰিকা


ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূত বেদনা বিপুল
নিবেদিছোঁ চৰণত, এই মোৰ চৰণ আকুল |
যদিও জীৱন ব্যৰ্থ, তথাপিতো তুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ, হিয়া মোৰ বিষাদেৰে পূৰ |
নাচোনৰ ছেৱে ছেৱে, সঙ্গীতৰ প্ৰতি লহৰত
একোটি মাথোন সুৰ বাজি উঠে হৃদয়-বীণত |
ভাষা নাই বুজাবৰ অশ্ৰুময় কৰুণ কাহিনী,
হে দেৱতা, হে পাষাণ শুনা শত শোকৰ ৰাগিনী |
নহওঁ পৱিত্ৰ মই, দাসী মই, সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাব পাৰো কিবা অধিকাৰ?
জগতৰ স্বামী তুমি, মোৰ স্বামী হ’বা সেই বুলি,
দোষ মোৰ কপালৰ, আছে বহু কলঙ্কৰ মলি |
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা তুমি কোন দোষী, মোৰ দোষ সি বাবে পতন |
ভুলৰ হুলেৰে হনা কলুষিত গোটেই জীৱন,
নিতৌ সন্ধিয়া বেলা হয় তাৰে অৰ্ঘ্য বিৰচন |
আৰতিৰ ডবা-কাঁহ, শঙ্খ ঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনি তাতকৈ দুগুনে চৰিব|
তোমাৰ পুজাৰ ফুল, ভোমোৰাই মউ চুহি খোৱা,
নিচেই আজলী ফুল, তাকে ভাবি তুমি লোৱা|
সেই দৰে হে’ নিঠুৰ, ল’বা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই, পাপ জন্ম নলওঁ দুনাই |
সেয়ে হলে দুখ নাই, ব্যথা আৰু নেথাকে বেদনা,
নটী মই, নাচি নাচি পাষাণৰ লভিম কৰুণা|
অবিচাৰ জগতৰ নকৰিবা তুমি অবিচাৰ;
ল’বা যেন নিঘিণায় হৃদয়ৰ ষোড়শোপচাৰ |
ল’বই লাগিব তুমি মোৰ এই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েই মূল |
000 





                                  

Thursday, 3 May 2012

এৰি অহা দিনৰ সুৰ





ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক?... ভূপেন হাজৰিকা, লতা মংগেশকাৰ ( বোলছবি : এৰাবাটৰ সুৰ )




এই ধুনীয়া গধুলি লগন ... ভূপেন হাজৰিকা, আশা ভোশঁলে ( বোলছবি : মন প্রজাপতি )


ক'লেৰিজৰ ' কুবলা খাঁ ' - এটি আলোচনা



ইংৰাজী ৰোমান্টিক আন্দোলনৰ অন্যতম পুৰুধা চেমুৱেল টেইলৰ ক'লেৰিজ ( Samual Tailor Coleridge) -ৰ 'কুবলা খাঁ' (Kubla Khan) এটি কালজয়ী কবিতা ৷ ক'লেৰিজৰ অন্য দুটি অমৰ সৃষ্টি ' The Rime of Ancient Mariner' আৰু ' Christabel' -ৰ লগতেএই কবিতাকো অতিপ্রাকৃত বা অলৌকিকতা ( supernatural ) -ৰ উৎকৃষ্ট নিদৰ্শন বুলিব পাৰি ৷ কবিতাটি ৰচিত হয় 1797 চনত কিন্তু প্রকাশ পায় 1816 চনতহে, কবিৰ 'Christabel' কবিতাৰ সৈতে ৷

ইংৰাজী সাহিত্যৰ বিষ্ময় স্বৰূপ 'কুবলা খাঁ' প্রকৃতাৰ্থত এটা খণ্ডিত ( fragment) কবিতাহে | ইয়াৰ ৰচনাকালীন পৰিস্হিতিও বিষ্ময়কৰ ৷ কবিতাটিৰ লগত সংলগ্ন পাতনি (Introduction)- য়ে কি পৰিস্হিতিত পৰি কবিয়ে ইয়াক ৰচনা কৰিছিল তাৰ বিশদ বিৱৰণ দিয়ে ৷ কবিয়ে কয় যে 1797 চনৰ গ্রীষ্মকালত তেওঁ শাৰীৰিক অসুস্থতাৰ হেতু " ... had retired to a lonely farmhouse between Porlock and Linton, on the Exmore confines of Somerset and Devonshire ..." | অসুস্থতাৰ বাবে এদিন তেওঁ এটি বিষ নিৰাময়কাৰী ঔষধ সেৱন কৰে ৷ সেই সময়ত তেওঁ Purchas's Pilgrimage নামৰ পুথিৰ " Here the Khan Kubla commanded a palace to be built ; and a stately garden thereunto. And thus ten miles of fertile ground were enclosed with a wall." - কথা খিনি পঢ়ি আছিল ৷ পঢ়ি থাকোতেই তেওঁ সেই ঔষধৰ প্রভাৱত টোপনিত ঢলি পৰিল ৷ প্রায় তিনি ঘন্টা সময় তেওঁ টোপনিত নিমগ্ন হ'ল ৷ টোপনিতে তেওঁৰ দৃশ্যমান হ'ল যে সম্পূৰ্ণ জীৱন্ত প্রত্যয়েৰে তেওঁ দুশ-তিনিশ মান শাৰীৰ এটা কবিতা লিখি উলিয়াইছে ৷ ইতিমধ্যে তেওঁ সাৰ পালে আৰু লগেলগেই সমগ্র দৃশ্যাৱলীয়ে তেওঁৰ আগত জীৱন্ত ৰূপত ধৰা দিলে ৷ কবিয়েও বিলম্ব নকৰি সেই স্বপ্ন প্রদত্ত কবিতাটো বাস্তৱায়িত কৰাৰ মানসেৰে হাতত কলম তুলি ল'লে ৷ কিন্তু কিছু সময় লিখাৰ পিছতেই দুৰ্ভাগ্যবশতঃ Purlock - ৰ পৰা অহা এজন অভ্যাগতক তেওঁ আপ্যায়ন কৰিব লগা হ'ল আৰু সেই অভ্যাগতে তেওঁৰ প্রায় এঘন্টা মূল্যবান সময় কাঢ়ি ল'লে ৷ পুনৰ লিখা মেজলৈ উভতি আহি বিষ্ময়চকিত কবিয়ে অনুভৱ কৰিলে যে প্রায় দহোটা মান শাৰীৰ বাদে বাকি সকলো খিনি সজীৱ স্মৃতিয়ে তেওঁৰ মানসপটত ছয়াঁময়াঁ ৰূপ ধাৰণ কৰিছে ৷ সেই ছেগা-চোৰোকা স্মৃতিকেই তেওঁ ততাতৈয়াকৈ লিপিবদ্ধ কৰিলে যদিও সি পূৰ্বৰ ৰূপ নাপালে ৷ ফলত কবিতাটি 'খণ্ডিত' অবস্থাতে ৰৈ গ'ল ৷ কবিয়ে সেয়ে ইয়াক 'খণ্ডিত' বুলিছে আৰু লগতে ইয়াক এক 'সপোন' বুলিও অভিহিত কৰিছে ৷ সমগ্র ঘটনাৱলীৰ বাবে কবি পাঠক সমাজৰ ওচৰত ক্ষমাপ্রাৰ্থী আৰু আশাবাদী যাতে তেওঁলোকে কবিতাটিৰ কাব্যিক গুণাগুণৰ ওপৰত গুৰুত্ব নিদি ইয়াক কেৱল এক ' মনস্তাত্বিক কৌতূহল' ( psychological curiosity ) হিচাপেহে গ্রহণ কৰে ৷ স্মৰ্তব্য যে কবিয়ে স্বয়ং উল্লেখ নকৰা হেঁতেন কোনো পাঠক, সমালোচক বা সাহিত্যানুৰাগীয়ে এই কবিতাটি অসম্পূৰ্ণ বুলি নাজানিলে হেঁতেন ৷ লৰ্ড বায়ৰণ ( Lord Byron) - ৰ প্রতিও তেওঁ কৃতজ্ঞতা প্রকাশ কৰিছে যাৰ অনুৰোধত কবিতাটি প্রকাশ কৰি উলিওৱা হ'ল ৷

কবিতাটিৰ মূলকথা খিনি এনেধৰণৰ : চীনৰ পৰাক্রমী সম্রাট ছেংগীজ খাঁৰ নাতিয়েক কুবলা খাঁই জেনেদু ( Xanadu) নামে ঠাইত ( বৰ্তমান চীনৰ Shantung প্রদেশত) তেওঁৰ বাবে এটি আটকধুনীয়া প্রমোদভৱন নিৰ্মাণ কৰিবলৈ আদেশ দিলে ৷ ভৱনটো নিৰ্মাণ কৰিবলৈ কোৱা হ'ল আলফ ( Alph ) নামৰ এখন পৱিত্র নদীৰ পাৰত ৷ এই নদীখন মানুহৰ দৃষ্টিয়ে ঢুকি নোপোৱা সুগভীৰ সুৰংগৰ মাজেৰে বৈ গৈ এনে এখন সাগৰত পৰিছেগৈ য'ত সূৰ্য্যৰ পোহৰ নপৰে ৷ দহমাইল জোৰা এডোখৰ উৰ্বৰা ভূমি সুদৃশ্য প্রাচীৰ আৰু দূৰ্গেৰে আৱৰি ৰখা হৈছে ৷ এই ভূ-খণ্ড মনোমুগ্ধকৰ বাগিচা,  অকোৱা-পকোৱা নিজৰা আৰু সুগন্ধি ফুলেৰে জাতিস্কাৰ গছ বিৰিখেৰে আবৃত ৷ তদুপৰি তাত আছে পৰ্বতেৰে আগুৰা কিছুমান সেউজীয়া বননি, যিবিলাক পৰ্বতৰ দৰেই প্রাচীন আৰু যাৰ মাজে মাজে আছে সূৰ্য্যৰ সোনালী কিৰণ পৰি চিকমিকাই উঠা একোডৰা সেউজ কোমল ঘাহঁনি ৷

কিন্তু সবাতোকৈ বিষ্ময়কৰ হ'ল এটি অতি গভীৰ, ৰহস্যময় আৰু 'ৰম্য' (romantic) গিৰিখাট(chasm), যিটো চিডাৰ (ceder) গছেৰে আগুৰা পাহাৰ খনৰ মাজেৰে হেলনীয়া হৈ নামি গৈছে ৷ এই ৰহস্যময় ঠাইডোখৰতেই শুনিবলৈ পোৱা যায় জোনৰ স্তিমিত পোহৰত নিজৰ পিশাঁচ-প্রেমিক (demon lover) -ৰ সন্ধানৰত কোনোবা নাৰীৰ কৰুণ বিলাপ ৷ এই গিৰিখাটটোৰ পৰাই একেৰাহে আৰাও কৰি নিৰ্গত হৈছে এক তীব্রবেগী জলস্রোত ৷ প্রচণ্ড বেগেৰে উঠা-নমা কৰা তাৰ ঢৌ বিলাকে কঢ়িয়াই আনিছে শিলৰ কিছুমান সৰু-বৰ টুকুৰা ৷ এই জলস্রোতেই ৰূপ লৈছেহি স্রোতস্বিনী আলফৰ - যি ক্রমাৎ একা-বেকা গতিৰে বননি-সমভূমিৰ মাজেৰে বৈ গৈ সেই গভীৰ আৰু অন্ধকাৰ সুৰংগত সোমাইছেগৈ আৰু তাৰ মাজেদিয়েই প্রচণ্ড শব্দ কৰি সেই অন্ধকাৰচ্ছন্ন, মৃতপ্রায় (lifeless) সাগৰত মিলিছেগৈ ৷ নদীৰ সোঁতৰ সেই প্রচণ্ড হো-হোঁৱনিৰ মাজতেই যেন কুবলাই শুনিবলৈ পাইছে তেওঁৰ পূৰ্বপুৰুষ সকলে অনাগত কোনো যুদ্ধ সম্পৰ্কে কৰা ভৱিষ্যতবাণী !

কুবলাৰ প্রমোদভৱনৰ প্রতিবিম্ব পৰিছেহি আলফ নদীৰ ঢৌত, নদীৰ মাজত ৷ তাৰ পৰাই শুনিবলৈ পোৱা গৈছে তীব্রবেগী সেই জলস্রোতৰ পৰা নিৰ্গত শব্দ আৰু সুৰংগত প্রতিধ্বনিত বিভিন্ন শব্দৰ সংমিশ্রণত সৃষ্টি হোৱা সংগীতৰ মূৰ্চ্ছনা ৷ এই মূৰ্চ্ছনা যিমানেই আশ্চৰ্যকৰ, সিমানেই আশ্চৰ্যকৰ দৃশ্যমান হোৱা কুবলাৰ সেই প্রমোদভৱনটি - যিটোৰ সৰ্বোচ্চ চূড়াটো সূৰ্য্যৰ প্রখৰ কিৰণেৰে তপ্ত অথচ ভিতৰখন বৰফময় গহ্বৰ সদৃশ শীতল !

তেনেকুৱাতে কবিৰ মনলৈ আহিছিল তেওঁ এবাৰ সপোনতে দেখা পোৱা ডালসিমৰ (dulcimer) নামৰ বাদ্যসহিত ৰূপহী এগৰাকী ৷ তাই এবিছিনিয়া দেশৰ আছিল আৰু ডালসিমৰত সুৰ তুলি তাই আব'ৰা পৰ্বত (Mount Abora) সম্পৰ্কে এটি গীত গাই আছিল ৷ সেই সংগীতৰ মূৰ্চ্ছনা ইমানেই চিত্তাকৰ্ষক আছিল যে কবিয়ে যদি সেই সুৰ নিজৰ কাব্যত পুণৰোজ্জীৱিত কৰিব পাৰিলেহেঁতেন তেন্তে তেওঁ এক অনাবিল সুখ অনুভৱ কৰিব পাৰিলেহেঁতেন ৷ সেই সুখানুভূতিৰে তেওঁ যি কাব্য ৰচিলেহেঁতেন, সেই কাব্যৰ দ্বাৰা  তেওঁ কুবলাৰ প্রমোদভৱনটিক কল্পনাৰ আকাশত প্রদৰ্শন কৰিব পাৰিলেহেঁতেন ৷ তেওেৰ সেই কবিতা যিয়ে পঢ়িলেহেঁতেন তেওঁৰ মানসচকুত সেই বিলাসভৱনটি জীৱন্ত হৈ ধৰা দিলেহেঁতেন ৷ তেতিয়া তেওঁক সকলোৱে দৈৱিক অনুপ্রেৰণাৰে অনুপ্রাণিত ব্যক্তি বুলি গণ্য কৰিলেহেঁতেন ৷ তেওঁৰ চকুৰ দীপ্তি আৰু উন্মাদপ্রায় অৱস্থা দেখি সকলো বিস্ময়াভিভূত হ'লহেঁতেন আৰু নিজকে তেওঁৰ সংস্পৰ্শৰ পৰা নিলগাই ৰাখিলেহেঁতেন ৷ কবিৰ সন্মোহন শক্তিৰ প্রভাৱৰ পোৰা ৰক্ষা পৰিবলৈ তেওঁলোকে কবিক তিনিবাৰ প্রদক্ষিণ কৰিলেহেঁতেন ৷ সকলোৱে ভাবিলেহেঁতেন, কবিয়ে স্বৰ্গীয় সুধা পান কৰি দৈৱিক শক্তি লাভ কৰিছে আৰু সেই দৈৱিক শক্তিৰে মহিয়ান কবিৰ প্রভাৱৰ পৰা নিজকে মুক্ত কৰিবলৈ সকলোৱে তেওঁক দেখা মাত্রেই ভয় আৰু ভক্তিৰে চকু মুদিলেহেঁতেন ৷

কবিতাটিৰ মূল কথাখিনি ইমানেই ৷

ওপৰে ওপৰে চালে 'কুবলা খাঁ' এটি খণ্ডিত কবিতাযেনেই বোধ হয় - ইয়াৰ প্রথম খণ্ডত আছে এটি প্রাসাদৰ বৰ্ণনা যিটোৰ বিষয়ে কবিয়ে আগতে শুনিছে; দ্বিতীয় খণ্ডত কবিয়ে সপোনত দেখা পোৱা এগৰাকী গায়িকাৰ কথা উল্লেখ কৰিছে আৰু শেষ খণ্ডটিত এগৰাকী কবিৰ কথা কোৱা হৈছে যি গৰাকী ক'লেৰিজৰ কাল্পনিক সৃষ্টি ৷ কিন্তু প্রকৃতাৰ্থত কুবলা খাঁ কবিতাটিক কেতিয়াও এটা অসংলগ্ন বা খেলিমেলি কবিতা বুলিব নোৱাৰি ৷ বৰং কবি মনৰ প্রচুৰ কল্পনা-বিলাসিতা, ৰহস্যময়তা, চিত্ৰধৰ্মিতা, ইন্দ্রিয়গ্রাহিতা আৰু সুৰ-মাধুৰ্যৰ অপুৰ্ব সমন্বয় ঘটা এই কবিতাক ইংৰাজী সাহিত্যৰ এক অন্যতম সুশৃংখলিত আৰু স্থিৰ (concentrated) কবিতা আখ্যা দিব পাৰি ৷

বিশিষ্ট সমালোচক চি,এইচ, হাৰফ'ৰ্ডে (C.H. Harford) ৰমন্যাসবাদৰ সংজ্ঞা দিছে এনেধৰণে :
" Romanticism is the extraordinary development of imaginative sensibility " - অৰ্থাৎ ই হ'ল " কল্পনা শক্তিৰ অনন্য সাধাৰণ বিকাশ "৷ এই উক্তিৰ আধাৰত কুবলা খাঁ -ক এটা উৎকৃষ্ট ৰোমান্টিক কবিতা আখ্যা দিব পাৰি ৷ " কল্পনা শক্তিৰ অনন্য সাধাৰণ বিকাশ " হয়তো এই কবিতাতকৈ অধিক অন্য ক'তো হোৱা নাই ৷ জেনেদু এখন কাল্পনিক ঠাই ৷ কুবলা খাঁ যদিও এটি ঐতিহাসিক চৰিত্ৰ , ইতিহাসৰ পৰা ফালৰি কাটি আহি এই চৰিত্ৰই ইয়াত এক কাল্পনিক সাজ পৰিধান কৰিছে ৷ কবিতাটিত মূলতঃ তেওঁক এজন স্বপ্নদ্রষ্টা স্থপতিবিদ হিচাপে অংকণ কৰা হৈছে ৷ কবিতাটিৰ আৰম্ভণিতে আছে কুবলা-ৰ বিষ্ময়কৰ বিলাসভৱনটোৰ বৰ্ণনা, যিটো বাস্তৱত সম্ভৱ নহয় - কল্পনাৰ বা সপোনৰ পৃথিৱীতহে সম্ভৱ :

 " In Xanadu did Kubla Khan
    A stately pleasure - dome decree :
    Where Alph, the sacred river, ran
    Through caverns measureless to men
     Down to a sunless sea
                           000
    It was a miracle of rare device
    A sunny pleasure dome with caves of ice ! "

     
কবিতাটিত ব্যৱহৃত ' ৰম্য গিৰিখাট '( romantic chasm ), ' দানৱ প্রেমিক ' ( demon lover ), ' অনামী নাৰীৰ আৰ্ত বিলাপ ' ( woman wailing ) আদিও প্রখৰ কল্পনাপ্রসূত ৷ একা-বেকাকৈ বৈ যোৱা নিজৰা, সুগন্ধি ফুলেৰে আমোলমোল গছ- লতিকা, সূৰ্য্যৰ কিৰণৰ পৰশত চিকমিকাই উঠা ঘাঁহনি, প্রচণ্ড বেগেৰে প্রৱাহমান জলস্রোতৰ ঢৌৱে কঢ়িয়াই অনা শিলৰ সৰু-বৰ টুকুৰা - প্রাকৃতিক সৌন্দৰ্যৰ এই মনোৰম বৰ্ণনাই কবিতাটিক অধিক ইন্দ্রিয়গ্রাহী কৰি তুলিছে ৷ তদুপৰি, সূৰ্য্যৰ পোহৰ নপৰা সমুদ্র (sunless sea ), মৃতপ্রায় ( ঢৌবিহীন) সাগৰ ( lifeless ocean ), সূৰ্য্যৰ প্রখৰ কিৰণেৰে তপ্ত চূড়া ( sunny pleasure dome ), বৰফময় গহ্বৰ (caves of ice) আদিৰ ধাৰণাও কবিৰ ৰোমান্টিক কল্পনা- প্রৱণতাৰ অভূতপূৰ্ব নিদৰ্শন ৷ কবিতাটিৰ শেষাংশত দৈৱিক সুধা পান কৰি অনুপ্রাণিত কবিৰ যি চিত্ৰ অংকণ কৰা হৈছে, সেয়া পুৰামাত্ৰাই ৰোমান্টিক ৷ কবিয়ে নিজকে এজন অলৌকিক শক্তি সম্পন্ন, দৈৱিক শক্তিৰে মহীয়ান ব্যক্তি হিচাপে উপস্থাপন কৰাটোও প্রৱল ৰোমান্টিক অনুভূতি- প্রৱণতাৰেই পৰিচায়ক৷

অতিপ্রাকৃত বা অলৌকিকতাৰ আধিপত্য ক'লেৰিজৰ কবিতাৰ অন্যতম ৰোমান্টিক বৈশিষ্ট্য ৷ কুবলা খাঁ-ৰ নিম্নোক্ত শাৰী কেইটাই ইয়াৰ উদাহৰণ :

" A savage place ! as holy and enchanted
  As e'er beneath a waning moon was haunted
  By woman wailing for her demon-lover ! "

অৱশ্যে কবিৰ 'The Rime of Ancient Mariner ' আৰু 'Christabel ' - ৰ নিচিনাকৈ কুবলা খাঁ-ত অলৌকিকতাৰ ইমান বেছি প্রয়োগ হোৱা নাই ৷ তথাপি কবিতাটিৰ আৰম্ভণিৰ পৰা শেহলৈকে - 'জেনেদু' নামটো উল্লেখ কৰাৰ পৰা কবিৰ চাৰিওফালে সকলোৱে তিনিবাৰ প্রদক্ষিণ কৰালৈকে - অলৌকিকতাৰ মৃদু চলন পৰিলক্ষিত হয় ৷ অৱশ্যে কুবলা খাঁ-ক এটি অলৌকিক কবিতা বোলাতকৈ এটি ' সপোন ' কবিতা বোলাহে শ্রেয় ৷ কবিতাটিত সৃষ্টি কৰা অলৌকিক মায়াজালে পাঠকৰ মনত আতংকৰ পৰিবৰ্তে সৃষ্টি কৰে এক সোনালী সপোনৰ আৱেশ ৷ মুঠতে অলৌকিকতাৰ প্রয়োগ ক'লেৰিজৰ কবিতাৰ অংগাংগী ৷ প্রাকৃতিক আৰু অলৌকিক - এই দুই উপাদানৰ সমাহাৰেই কবিৰ সৃষ্ট- কৰ্মৰ স্বকীয়তা আৰু ইয়াত ৰহণ সানিছে কবিৰ অনন্য সাধাৰণ কল্পনা প্রৱণতাই ৷

কুবলা খাঁ-ৰ প্রতীকী তাৎপৰ্যও লক্ষণীয় ৷ 'জেনেদু' নামটোৱে এক দূৰত্বক ( remoteness ) নিৰ্দেশ কৰিছে ৷ ঠাইখন যেন বহু দূৰৈৰ, এক 'অন্য পৃথিৱীৰ' ৷ ' আলফ ' নদীখন মানৱ জীৱনৰ প্রতীক হিচাপে লোৱা হৈছে ৷ উদ্যানৰ মাজেৰে আলফে অকোৱা-পকোৱা গতি লৈছে আৰু ইয়াৰ দ্বাৰা মানুহৰ জীৱনত অন্তৰ্নিহিত গুঢ় তত্ব আৰু ইয়াৰ সন্ধান দেখুওৱা হৈছে ৷ নদীখন ৰহস্যময় সুৰংগৰ মাজেৰে বৈ গৈ এখন সূৰ্য্যৰ পোহৰ নপৰা সাগৰত পৰিছেগৈ ৷ এই সূৰ্য্য-বিহীন সাগৰেই হৈছে 'মৃত্যু', য'ত অৱশেষত জীৱন নাটৰ যৱনিকা পৰে ৷ নদীৰ সোঁতৰ প্রচণ্ড হো-হোঁৱনিৰ মাজত কুবলাই তেওঁৰ পূৰ্ব-পুৰুষৰ যি কণ্ঠস্বৰ শুনিবলৈ পাইছে, সেই কণ্ঠস্বৰ হৈছে মানুহৰ জীৱনৰ অভিজ্ঞতাৰ কণ্ঠস্বৰ ৷ কুবলাৰ প্রমোদভৱনটো বৈপৰিত্যৰ সংমিশ্রণত গঢ়ি উঠা এক আশ্চৰ্য - ইয়াৰ সৰ্ব্বোচ্চ চূড়াটো সূৰ্য্যৰ প্রখৰ কিৰণেৰে ধৌত আৰু ভিতৰখন বৰফময় গুহাসদৃশ শীতল ৷ মহান শিল্পকৰ্মও এনেকুৱাই - জীৱনৰ সাৰভাগ ইয়াত লিপিবদ্ধ আৰু জীৱন হৈছে পৰস্পৰ বিৰোধী অভিজ্ঞতাৰ সংমিশ্রণ ৷

কুবলা খাঁ-ত ছন্দৰীতি অনিয়মীয়া ৷ তথাপি ইয়াৰ প্রত্যেকটো শাৰীতে অনুভৱ হয় এক অনুপম সুৰৰ লহৰ ৷ কবিতাটিৰ শেহৰ শাৰীকেইটা এই সুৰ-মাধুৰ্যৰেই প্রতীক :

" His flashing eyes, his floating hair !
  Weave a circle round him thrice,
  And close your eyes with holy dread
  For he on honey-dew hath fed
  And drunk the milk of Paradise. "

000

( ইংৰাজী আৰু অসমীয়া ভাষাত লিখিত বিভিন্ন গ্রন্থৰ সহায় লোৱা হৈছে)

:মালক্ষ্মী বৰঠাকুৰ ভাগৱতী

Wednesday, 2 May 2012

এৰি অহা দিনৰ সুৰ...



অ' চেনাই মই যাওঁ দেই ... দীপালী বৰঠাকুৰ




জোনধনে জোনালিতে তৰাৱতীক চায় ... দীপালী বৰঠাকুৰ