"মোৰ বুকুত কি জ্বলে" - হীৰেন ভট্টাচাৰ্য
মোৰ বুকুত কি জ্বলে !
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে
!
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰূ-ৰুৱাই জ্বলে যে
তাৰ
ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে
|
সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব
ক্ৰমে |
সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই,
শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন
উৰ্ম্মিমালা আছে দূৰ
দিগন্ত বিয়াপি |
মোৰ ই অন্তৰ খনি সাগৰৰ
দৰে নীলা, বেদনাৰে –
দেখা নাই তুমি ?
উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
স্মৃতি – সীমা চুমি |
শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ
কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু?
বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ
হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে
কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ
ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি, মই মই| তুমিতো নাজানা-হায়, কিয়
বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ
গৌৰৱ মালা? মিলনৰ
কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ
বোকাৰে আমি? হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়?
তুমি নুবুজিবা সখি!
কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা
দেৱীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি?
থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা
তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ।
000
কাণৰ থুৰীয়া - হিতেশ্বৰ
বৰবৰুৱা
পূৰ্বজনমত,জানো,কত পূণ্য বলে
থুৰীয়া জনম পালি তই জগতত।
শোওঁতে,খাওঁতে কিম্বা উঠোঁতে বহোঁতে
চুমা দিয় প্ৰেয়সীৰ কোমল
গালত।
যি চুমাৰ হেঁপাহত আতুৰ
প্ৰেমিক,
প্ৰেমৰ ৰাজ্যৰ যিটো অমূল্য
ৰতন,
যাক লই সংসাৰৰ সকলো বলিয়া,
অনায়াসে তই কিন্তু পাৱ
সেই ধন।
যি চুমাৰ মাথোঁ এটি পাবৰ
আশাত
প্ৰেমিকে উৰ্ছগা কৰে পৰাণ
নিজৰ,
সেই চুমা লাখ লাখ নিতে
পাৱ তই;
নাজানো কি পুণ্য তোৰ আছিল
পূৰ্বৰ।
নহ'ল আমাৰ কিয় থুৰীয়া জনম!
পালো হয় নিতে কত মধুৰ
চুম্বন।
000
এটা প্ৰেমৰ পদ্য -নৱকান্ত
বৰুৱা
বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে,অৰুন্ধতী?
সেমেকা পোহৰে সোৱঁৰাই
দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি
গোন্ধ
মনত পৰেনে,
অৰুন্ধতী ?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনো
বাধা
মনত পৰেনে, অৰুন্ধতী!
দুবৰি বনত জোনাকীৰ মণি,
চুলিৰ মেঘত লাহী আঙুলিৰ
বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল
!)
বৰফৰ দৰে চেচাঁ পৰশতো
সি যে কি শান্তি !
অৰুন্ধতী!
অৰুন্ধতী!
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ
নীড়
বহুতো সপোন পাৰ হৈ অহা
কেচাঁ টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি
মনত পৰেনে, অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী!
000
প্ৰিয়তমাৰ চিঠি -হেমচন্দ্ৰ
গোস্বামী
সৌন্দৰ্যৰ বুকুৰ কাঁচলি
উদঙাই
প্রকৃতিৰ চোঁ ঘৰ চালো
পিট্ পিট্,
কুকুৰা ঠেঙীয়া এই আখৰ
কিটিত
যি অমিয়া ঘঁহা আছে আৰু
ক'তো নাই ।
কবি নিকুঞ্জত ফুলি কত
কবিতাই
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু
জানে যিটি গীত
কবিতাৰ কাব্যে তাৰ গোন্ধকো
নাপাই ।
ফুল ফুলে, সৰি যায়, শুকায় বননি
বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে,
তোমাৰ চিঠিয়ে প্রিয়ে,
জানে কি মোহিনী
নিতৌ নোহোৱা বাহি,
ন ন ফুল মেলে,
যত শুঙো, চুমা খাওঁ, নালাগে আমনি
হৃদয়ত হেঁপাহৰ ভোটাতৰা
জ্বলে ।
000
মমতাৰ চিঠি- হেম বৰুৱা
মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ
চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক
আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ
মনত আছেনে?
আমি যে নতুন জীৱনটোৰ পাতনি
মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা
বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা
কোমল পুৱা
পদুলিত তল সৰা শেৱালীবোৰ
উপচি আছিল
আৰু সন্ধিয়া মই তোমালোকৰ
ঘৰলৈ ন কৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন
লৈ
আমাক যে ৰিঙিয়াই মাতিছিল
তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহাখনলৈ
তুমি বাৰু তেনেকৈ কিয়
একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?
তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ
আৰু মই?
মই যেন তলসৰা এপাহ শেৱালী
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা
মনত নাই?
আমাৰ দেউতাই যে চিঠি লিখিছিলে
“আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি”
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পুৰাণৰ
সাধু যেন লাগে ।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া
হৈ গ'ল ।
তোমাৰ বাবুল এতিয়া বৰটো
হৈছে,
তাৰ ওপৰপাৰিত এধানিমান
ডালিমগুটি
যেন দাঁত অকণি গজিছে ।
সি মোক একেবাৰে এৰিকে নিদিয়ে ।
(কেতিয়াবা মোৰ যে ইমান
খং উঠে
তুমি নাই নহয়,
সেইকাৰণে!)
সি বাৰু মোৰ বগা সাজযোৰলে
এনেদৰে
তধা লাগি চাই থাকে কিয়
?
তাৰ ওপজাৰে পৰা এইযোৰ
কাপোৰ
চিনাকি,সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে
বুজিছা?
(আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম
সি আতঁৰি থকা সময়খিনি
মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব,ভাই ।)
আৰু কি লিখিম বিশেষ একো
নাই ।
মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
মোক আগতীয়াকৈ জনাবা দেই
। মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা
তোমাক ৰিঙিয়াই মাতিম,তুমি যিদিনা উলটি আহিবা,
মোক আগতীয়াকৈ জনাবলৈ
নাপাহৰিবা দেই ।
মৰম লবা ।
ইতি,
তোমাৰ মমতা
পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জলিছিল । আমাৰ
আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ বগা আৰু আনটো পখৰা ।
000
ভোগালী - হীৰেন ভট্টাচাৰ্য
তুমিতো জানাই
এই কবিৰ আৰু একো নাই,
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই,
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই।
000
গোলাপ - ৰঘুনাথ চৌধাৰী
অ' মোৰ সাদৰী ফুলাম পাহি?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি?
কোন নন্দনত লগালি চমক,
নাচিছে য'ত পৰী বুলবুল,
অভিশপ্ত হৈ বিলাসকুঞ্জত
প্রেম মদিৰাত যেন মচগুল!
হাছনাহানাৰ তীব্র গন্ধত
সপোন বিভোৰ মাধৱী নিশা,
তোৰ পৰশত বিৰহী জোনৰ
পলালনে প্রিয়ে প্রাণৰ তৃষা?
আৰব পিয়াৰী বছৰা ৰাণীৰ
গুল বদন পেলালি জুৰ;
ভাঁহি ফুৰে তোৰ ৰূপ তৰংগত
পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ?
ফুলিলি যিদিনা মৰু উদ্যানত
উৰিল সৌৰভ জগত জুৰি;
গগন চুম্বী কলোছছে তোৰ
পান কৰিলে ৰূপ মাধুৰী!
আছিলি নে প্রিয়ে বেবিলনৰ
গুল বাগানত ফুলৰ ৰাণী?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মুখত অমৰ বাণী ৷
ৰূপ ৰস গন্ধ পৰশ প্রেমত
জিনিলি পিয়াৰা হিন্দুস্তান;
বাদছা হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান ৷
তোৰ ই ৰূপত জগত বিভোল
ঢালিলি প্রেমৰ বিমল ধাৰা;
দিল্লী বেগম নুৰজাহানৰ
আছিলি নে তয়ে দিলবাহাৰা?
কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ?
উঠিল প্রেমিক ছাহজাহানৰ
ভূৱন বিজয়ী মৰ্মৰ তাজ!
কত কাব্য-গাঁথা, অতীতৰ স্মৃতি
উদাস প্রেমৰ মূৰ্ত বিকাশ;
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হা-হুতাশ!
ফুলিবি নে মোৰ মানস-কুঞ্জত
অ' মোৰ দৰদী ফুলাম পাহি?
উঠিবনে বাজি প্রিয়া পাপিয়াৰ
পুলক ভৰা মিলন বাঁহী?
000
দেৱদাসী - অতুল চন্দ্ৰ হাজৰিকা
ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূত
বেদনা বিপুল
নিবেদিছোঁ চৰণত,
এই মোৰ চৰণ আকুল |
যদিও জীৱন ব্যৰ্থ,
তথাপিতো তুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ,
হিয়া মোৰ বিষাদেৰে পূৰ |
নাচোনৰ ছেৱে ছেৱে,
সঙ্গীতৰ প্ৰতি লহৰত
একোটি মাথোন সুৰ বাজি
উঠে হৃদয়-বীণত |
ভাষা নাই বুজাবৰ অশ্ৰুময়
কৰুণ কাহিনী,
হে দেৱতা, হে পাষাণ শুনা শত শোকৰ ৰাগিনী |
নহওঁ পৱিত্ৰ মই,
দাসী মই, সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাব
পাৰো কিবা অধিকাৰ?
জগতৰ স্বামী তুমি,
মোৰ স্বামী হ’বা সেই বুলি,
দোষ মোৰ কপালৰ,
আছে বহু কলঙ্কৰ মলি |
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো
সেৱিব চৰণ,
জানা তুমি কোন দোষী,
মোৰ দোষ – সি বাবে পতন |
ভুলৰ হুলেৰে হনা কলুষিত
গোটেই জীৱন,
নিতৌ সন্ধিয়া বেলা হয়
তাৰে অৰ্ঘ্য বিৰচন |
আৰতিৰ ডবা-কাঁহ,
শঙ্খ ঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনি তাতকৈ
দুগুনে চৰিব|
তোমাৰ পুজাৰ ফুল,
ভোমোৰাই মউ চুহি খোৱা,
নিচেই আজলী ফুল,
তাকে ভাবি তুমি লোৱা|
সেই দৰে হে’ নিঠুৰ,
ল’বা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই,
পাপ জন্ম নলওঁ দুনাই |
সেয়ে হলে দুখ নাই,
ব্যথা আৰু নেথাকে বেদনা,
নটী মই, নাচি নাচি পাষাণৰ লভিম কৰুণা|
অবিচাৰ জগতৰ –
নকৰিবা তুমি অবিচাৰ;
ল’বা যেন নিঘিণায় হৃদয়ৰ
ষোড়শোপচাৰ |
ল’বই লাগিব তুমি মোৰ
এই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ
তুমিয়েই মূল |
সুন্দৰ কবিতাৰ সমাহাৰ ঘটিছে ৷
ReplyDeleteএইবোৰ কবিতা পঢ়ি পঢ়ি আমনি নালাগে
ReplyDeleteসচাঁকে বহুত ভাল দেই
ReplyDelete